ঐতিহ্যমণ্ডিত কঢ়াপৰীয়া বিহুৰ ইতিহাস

ৰজাদিনীয়া পুখুৰী, ঘিলা সেনাপতি, নাহৰ ফুকনৰ ইতিহাস বিজড়িত ঘিলামৰা

তাহানিতে ঘিলামৰা পথাৰ বা দ-পথাৰক কেন্দ্ৰ কৰি ইয়াৰ চাৰিওফালে মানুহে গাঁও পাতি বসবাস কৰিবলৈ লৈছিল। গাঁওবোৰ বহিছিল আৰু এই দিগন্ত বিয়পা দ-পথাৰখনেই ঘিলামৰীয়া ৰাইজৰ সভ্যতা সংস্কৃতিৰ কেন্দ্রবিন্দু স্বৰূপ আছিল। কালৰ এই দ-পথাৰৰ পৰাই ইয়াৰ চাৰিওফালৰ গাঁওবোৰ মাছে-পুঠিয়ে, খেতিয়ে বাতিয়ে নদন-বদন হৈ উঠিছিল। দ-পথাৰৰ দক্ষিণ-পূব দিশত থকা ন-পুৰা মাটিৰে আাগুৰি বিশাল ন-পুখুৰীৰ পৰা বৃদ্ধি পোৱা বিভিন্ন মাছকে সকলোৱে ঠুহা, খলিহা, চেপা পাতি খাইছিল। গাঁৱৰ সৰু ল’ৰা-ছোৱালীবোৰে শিঙৰি, চেচুক, শেলুক আৰু কেহেৰুৰ শিপা আৰু গজালি বিচাৰি খান্দি খাইছিল। গাঁৱৰ সকলোৱে মিলি একেলগে ৰভা দি বৰ সবাহ, বাৰে চহৰীয়া ভাওনা পাতিছিল। ন-পুখুৰীৰ পাৰতেই সৰ্বপ্ৰথম বাংলা ভাষাৰ স্কুল স্থাপন কৰি আধুনিক শিক্ষাৰ বীজ ৰোপণ কৰিছিল বুলি ড° নিত্যানন্দ গগৈয়ে উল্লেখ কৰিছে। ১৯১৮ চনৰ চৰকাৰী মেপৰ মতে ন-পুখুৰীৰ দক্ষিণে ঢাপলিয়াল, চেতিয়া গাঁৱৰ ফালেহে ঘিলামৰা বুলি আছিল। পিছত জালভাৰী গাঁওখনেই ঘিলামৰাৰ নাভি কেন্দ্ৰ স্বৰূপ হৈ উঠিছিল। ইয়াৰ পিছতে বৰ্তমানৰ তিনিআলিলৈ স্থানান্তৰিত হৈ ক্রমান্বয়ে ঘিলামৰা এখন সৰু নগৰলৈ উন্নীত হৈছে।

এই দ-পথাৰখনৰ দক্ষিণ দিশৰ ওখ ঠাই ডোখৰেই হ’ল কছাৰীটিং গ্ৰেজিং। কছাৰীটিং গ্ৰেজিঙৰ মাজডোখৰতে বৰ্তমানৰ ঐতিহ্যমণ্ডিত কঢ়াপৰীয়া বিহু বাকৰি স্থায়ী ৰূপত প্রতিষ্ঠা কৰা হৈছে। কঢ়াপৰীয়া বিহু বাকৰিৰ চাৰিওফালে প্রায় ৫২ টা ৰজাদিনীয়া পুখুৰী আগুৰি আছে। এই প্ৰতিটো পুখুৰীৰ বিভিন্ন লৌকিক কাহিনী মানুহৰ মাজত প্রচলিত হৈ আহিছে। এয়েহে এই কছাৰী টিং গ্ৰেজিং বুৰঞ্জী প্ৰসিদ্ধ ঠাই হিচাপে পৰিগণিত হৈছে। আহোম ৰাজত্বৰ সময়ত নামৰূপৰ আশে পাশে বসবাস কৰি অহা কিছু কছাৰী লোকে এই ওখ ঠাই ডোখৰত আশ্রয় লৈছিল আৰু সেই বাবেই এই ঠাই ডোখৰৰ নাম কছাৰীটিং গ্ৰেজিং হ’ল বুলি প্ৰচলিত আছে। বৰ্তমান এই নামৰূপীয়া কছাৰীসকলৰ উত্তৰ পুৰুষ সকল ফুকন গাঁও আৰু ইয়াৰ ওচৰে-পাজৰে বসবাস কৰি আছে। ঘিলামৰা দ-পথাৰৰ চাৰিওফালে বসবাস কৰি থকা গাঁও সমূহৰ ডেকা-গাভৰুসকলক লৈ উত্তৰ ফালৰ এই অঞ্চলৰ শাসন কৰ্তা হিচাপে পঠিওৱা ঘিলা নামৰ সেনাপতিজনে ঘিলা পুখুৰীৰ পাৰত ৰাজহুৱাভাৱে ঘিলা খেলিছিল। ঘিলা সেনাপতিয়ে ঘিলা পুখুৰীৰ পাৰত ঘিলা খেলা বাবেও ঘিলামৰা নামৰ উৎপত্তি হ’ল বুলি কোৱা হয়। ঘিলা গছ প্ৰচুৰ পৰিমাণে পোৱা আৰু ঘিলা খেলা ঠাই বাবে ঘিলামৰা নামেৰে জনাজাত হ’ল বুলি কোৱা হয়। ঘিলা সেনাপতিয়ে বহুদিন ঘিলামৰাত শাসন কৰি থকাৰ পাছত মানৰ আক্ৰমণৰ সময়ত ৰণত মৰা পৰিল। আহোম স্বৰ্গদেৱে এই কথা গম পাই নাহৰ ফুকনক সৈন্য সামন্ত দি উত্তৰ পাৰৰ শাসন হিচাপে পঠিয়াইছিল। ঘিলা সেনাপতি এই ৰণত মৰা পৰাৰ কাৰণেও ঘিলামৰা বুলি জনাজাত হ’ল বুলিও কোৱা হয়। এনেদৰে ইতিহাস নিৰ্ভৰ প্রচলিত জনশ্ৰুতি ঘিলামৰা নামৰ ঠাই ডোখৰৰ বিষয়ে বহুল চৰ্চিত হৈ আহিছে।
দ-পথাৰৰ দক্ষিণ পূবত অৱস্থিত ন-পুখুৰীৰ ওচৰতে পদুমণি পুখুৰী নামে এটা পুখুৰী আছে। এই পুখুৰীটোত পদুম ফুল অনবৰতে ফুলি থাকে বাবে পদুম পুখুৰী নামেৰে জনাজাত হয়। অন্য এক কাহিনী মতে কালি গোঁসানীয়ে এই পুখুৰীত বসবাস কৰি থকাৰ বাবে এই পুখুৰীটোৰ নাম পদুমণি পুখুৰী হ’ল বুলি কোৱা হয়। পথাৰৰ দক্ষিণ-পূবত অৱস্থিত ন-পুৰা মাটিৰে আগুৰা ন-পুখুৰীৰ অলেখ লৌকিক কাহিনী পূৰ্বৰ পৰা মানুহৰ মুখে-মুখে চলি আহিছে। এই ন-পুখুৰীৰ মাজ ডোখৰ লগিয়ে নোপোৱা গভীৰ দ আছিল আৰু দেও-ভূতে বসবাস কৰা কালিকা লগা পুখুৰী বুলি মানুহে বিশ্বাস কৰি আহিছিল। এই কালিকা লগা পুখুৰীতে এখন সোণৰ আৰু ৰূপৰ নাও আছিল বুলি প্রবাদ আছে। জনশ্ৰুতিমতে ক্ৰমান্বয়ে ন-পুখুৰীৰ আশে পাশে মানুহ বহিবলৈ লোৱাত তাৰে কোনোবা এগৰাকী মহিলাই অশুচ অৱস্থাত গা- তিওৱা বাবে ৰাতি গিৰিহঁতক সপোন দেখুৱায় যে- পুখুৰীৰ পানী শুদ্ধ কৰিব লাগিব, নহ’লে পুখুৰীটোৰ পৰা আঁতৰি যাব লাগিব বুলি কোৱাত উক্ত চহা মানুহজনে গাঁৱৰ মানুহৰ লগত লগ লাগি প্ৰচুৰ পৰিমাণে গাখীৰ ঢালিও পুখুৰীৰ পানী বগা কৰিব নোৱাৰিলে। ফলত পুনৰ মানুহজনক সপোনত দেখা দি পুখুৰীৰ পশ্চিম দিশত এটা নলা খানি সোণৰ-ৰূপৰ নাও দুখন ওলাই যোৱাৰ সুবিধা কৰি দিবলৈ ক’লে আৰু কুকুৰাই ডাক দিয়া সময়ত পিছৰাতি ৩.০০ বজাত মানুহজনক ৰৈ থাকিবলৈ ক’লে আৰু দেওলগা নাও দুখন ওলাই যোৱাৰ সময়ত হাত এখন পাতি থাকিবলৈ কলে। এইমতে মানুহজনে পিছদিনা পুখুৰীৰ পশ্চিম দিশত লোৰ খানি দিলে আৰু পিছৰাতি ৩.০০ বজাত দেওলগা সোণৰ আৰু ৰূপৰ নাও দুখন ওলাই যোৱাৰ সময়ত হাত এখন পতাৰ লগে লগে সোণৰ পইচা এটি দিলে। মানুহজনে লোভ সামৰিব নোৱাৰি সিখন হাতো পাতি দিওঁতে হাতখন কাটি থৈ গ’ল। সোণৰ আৰু ৰূপৰ নাও দুখনৰ পিচে পিচে অলেখ মাছ ন-পুখুৰীৰ পৰা ওলাই গ’ল। এয়েহে প্রতি বছৰ ৰাতি ৩.০০ বজাতহে ন-পুখুৰীত মাছৰ উজান উঠে বুলি প্রবাদ আছে। পূৰ্বৰ দৰিকণা, পুঠি, খলিহাৰ পৰা ধৰি বৰালি, শল-শাল, কাছ-কুচিয়ালৈকে উখল-মাখল হৈ থকা ন-পুখুৰীৰ তলিত দোপ-ভেবৰ আদি জমা হৈ গভীৰতা হ্ৰাস পোৱাৰ বাবে মাছ-পুঠিও ক্ৰমান্বয়ে কমি আহিবলৈ ধৰিলে। এনেদৰে অলেখ লৌকিক কাহিনী ন-পুখুৰীক লৈ মানুহৰ মাজত প্রচলিত আছে।
এতিয়া আমি পোন্ধৰশ খৃঃৰ আহোম চুতীয়া ৰণৰ সময়ৰ তিনিটা পুখুৰীৰ কাহিনী উল্লেখ কৰিম। ঘিলামৰাৰ দেউডুবিৰ ওচৰত এই তিনিটা পুখুৰীৰ অৱস্থান পৰিলক্ষিত হয়। প্ৰথমটো পুখুৰীৰ পাৰত আহোম-চুতীয়াৰ তয়া-ময়া যুঁজ হৈছিল বাবে এই পুখুৰীৰ নাম ৰণচালি পুখুৰী হ’ল আৰু এই ৰণত ব্যৱহাৰ কৰা অস্ত্ৰ-শস্ত্ৰ তেজৰ দাগবোৰ ধুই নিয়া বাবেই দ্বিতীয়টো পুখুৰীৰ নাম তেজধোৱা পুখুৰী হ’ল। এই ৰণত মৰা পৰা সৈন্য- সামন্তৰ শ বোৰ তৃতীয়টো পুখুৰীৰ পাৰত খৰি দিয়া বাবেই এই পুখুৰীৰ নাম খৰি দিয়া পুখুৰী হ’’ল। ঘিলামৰাৰ দেউডুবিৰ ওচৰত এই তিনিটা পুখুৰীৰ অৱস্থান পৰিলক্ষিত হয়। প্রথমটো পুখুৰীৰ পাৰত আহোম-চুতী য়াৰ তয়া-ময়া যুঁজ হৈছিল বাবে নাম ৰণচালি পুখুৰী হ’ল আৰু এই ৰণত ব্যৱহাৰ কৰা অস্ত্ৰ-শস্ত্ৰৰ তেজৰ দাগবোৰ ধুই নিয়াৰ বাবে দ্বিতীয়টো পুখুৰীৰ নাম তেজেধোৱা পুখুৰী হ’ল। ৰণত পৰা সৈন্য-সামন্তৰ শ-বোৰ পাৰত খৰি দিয়াৰ বাবে আনটো পুখুৰীৰ নাম খৰি দিয়া পুখুৰী হ’ল। এই ছটা পুখুৰীৰ উপৰিও আৰু পঞ্চলিশটা সৰু-বৰ পুখুৰী কঢ়াপৰীয়া বিহু বাকৰি আগুৰি আছে। কছাৰী টিং গ্ৰেজিঙ বাকৰিৰ পূবফালে এটা পুখুৰী আছে। ইয়াৰ পাৰতে বিহু মৰাৰ বাবে ইয়াৰ নাম বিহুপুখুৰী হ’ল। এই পুখুৰীটোৰ কাষতে বঙালমৰা পুখুৰী। ইয়াৰ পাৰতে বঙালক মাৰিছিল বাবে ইয়াৰ এই নাম। ইয়াৰ দক্ষিণ-পূবলৈ নাহৰগুৰি পুখুৰী। নাহৰ ফুকনে নাহৰ গছৰ ছাঁত জিৰণি লোৱা বাবে এই পুখুৰীটোৰ নাম নাহৰগুৰি পুখুৰী হ’ল। কঢ়াপৰীয়া বিহু বাকৰিৰ উত্তৰ পূবফালে দুটা যুৰীয়া পুখুৰী আছে। কাষতে থকা চেতিয়া গাঁও প্ৰাথমিক বিদ্যালয়ৰ পূবত কঁঠালপৰা পুখুৰী। প্ৰচুৰ কঁঠাল লাগি গছৰ পৰা মাটিত পৰি থাকে বাবে কঁঠালপৰা পুখুৰী নাম হ’ল। গাঁৱৰ ৰাস্তাৰ উত্তৰফালে চোমনিগুৰি পুখুৰী। এই ডোখৰ অলপ বাম আছিল আৰু চোম গছ প্ৰচুৰ পৰিমাণে আছিল। এই বাম ঠাইডোখৰত মানুহে অধিক খেতি কৰিছিল বাবে আধিয়াটিং পুখুৰী নামেৰেও এই পুখুৰীটো জনাজাত হ’ল। ইয়াৰ উত্তৰ ফালে মেঘে হগা পুখুৰী । ইয়াত মাছ ধৰি শেষ কৰিব নোৱাৰাকৈ অলেখ মাছ আছিল। মেঘে মাছ হাগি দিয়ে বুলিও জনাশ্ৰুতি আছে। এই পুখুৰীটোৰ পশ্চিম ফালে শিমলুগুৰি পুখুৰী । শিমলু গছে আগুৰি থকা বাবেই শিমলুগুৰি পুখুৰী নাম হ’ল । ইয়াৰ পশ্চিম ফালে কুটকুৰাগুৰি পুখুৰী । পুখুৰীটোৰ পাৰত কুটকুৰা গছেৰে আগুৰি থকা বাবে এই পুখুৰীটোৰ নাম কুটকুৰাগুৰি পুখুৰী হ’ল। ইয়াৰ পশ্চিম ফালে শিলপোতা পুখুৰী। বাসুদেৱ সত্ৰৰ মানুহ আৰু স্থানীয় মানুহৰ লগত মাটিৰ বাবে কাজিয়া লগা বাবে পুখুৰীৰ কাষত মাটিৰ সীমাত ডাঙৰ শিল এটা পুতিছিল কাৰণে শিলপোতা পুখুৰী হ’ল। ইয়াৰ উত্তৰ ফালে ঠেকেৰাগুৰি পুখুৰী। ঠেকেৰা গছে আগুৰি থকা বাবে ঠেকেৰাগুৰি পুখুৰী হ’ল। বিহু বাকৰিৰ পশ্চিম ফালে কাৱৈ মাছেৰে ভৰি থকা কাৱৈমাৰী পুখুৰী। কাষতে বাঁহেৰে আগুৰি থকা বাঁহগুৰি পুখুৰী। ইয়াৰ দক্ষিণ ফালে বৰুণ গছেৰে আগুৰা বৰুণগুৰি পুখুৰী, ক্ৰমান্বয়ে দক্ষিণলৈ হিজল গছেৰে ভৰি থকা হিজলগুৰি পুখুৰী, তাহানিৰ মানুহে হিজল গছৰ শুকান পাতেৰে চুপহি বনাই খাইছিল। কাষতে হাঁহে চৰিছিল বাবে হাঁহচৰা পুখুৰী, ওচৰতে উৰিয়াম গছেৰে ভৰি থকা উৰিয়ামগুৰি পুখুৰী আৰু শিমলুডোঙা পুখুৰী, ক্ৰমান্বয়ে দক্ষিণলৈ চতিয়না গছেৰে ভৰি থকা চতিয়না পুখুৰী, ওচৰতে হাতী মৰিছিল বাবে হাতীমৰা পুখুৰী,অলপ পশ্চিম ফণীধৰ মৰিশালি পুখুৰী, ইয়াৰ দক্ষিণলৈ নলনিৰে ভৰি থকা নলনি পুখুৰী, কাষতে মানুহ খৰি নিয়া বাবে খৰিদিয়া পুখুৰী, দক্ষিণলৈ সৰু মাহনি আৰু বৰ মাহনি।
পথাৰৰ ৰাস্তাৰ কাষতে পূব দিশত অৱস্থিত পুখুৰীটোৱে হ’ল কছাৰী টিং গ্ৰেজিঙৰ আটাইতকৈ বহল ডাঙৰ বৰ পুখুৰী। বৰপুখুৰীৰ অলপ দক্ষিণলৈ গেৰেকনি পুখুৰী। শিঙি মাছৰ পৰা খোজ দিব নোৱাৰে বুলি গেৰেকনি পুখুৰীৰ প্রবাদ আছে। তাৰো পূবলৈ অমৰাগুৰি পুখুৰী, কাষতে গড়পৰা ঢোঙৰ পুখুৰী। বৰ পুখুৰীৰ পূব ফালে মৈৰামৰ কঁকাল আধি লগা পুখুৰী। অলপ পূব ফালে সৰু ম’হ মৰা আৰু বৰ ম’হমৰা পুখুৰী। অলপ দক্ষিণলৈ বেতনি পুখুৰী । ইয়াৰ অলপ পূবলৈ বালি পুখুৰী আৰু অলপ উত্তৰলৈ হাতীমটি পুখুৰী । হাতীমটি পুখুৰীত প্ৰচুৰ পৰিমাণে কাৱৈ মাছ ওলাইছিল বুলি কয়। ওচৰতে কপাহ খেতি কৰা বাবে কপাহতলীয়া পুখুৰী ইয়াৰ কাষতে তৰাগুৰি আৰু ঔগুৰি পুখুৰী । বিহুবাকৰিৰ দক্ষিণ পূবৰ সীমাতে লাগি আছে দোপনি পুখুৰী । বিহু বাকৰিৰ দক্ষিণ পূব চুকত ম’হমৰা পুখুৰী। বিহু বাকৰিৰ দক্ষিণ সীমাত লাগি আছে ধঁপাতনি পুখুৰী। ইয়াৰ পাৰত ধঁপাত খেতি প্ৰচুৰ পৰিমাণে হৈছিল বুলি প্রবাদ আছে। এনেদৰে কঢ়াপৰীয়াৰ বিহুবাকৰিৰ চাৰিওফালে আগুৰি থকা ৰজাদিনীয়া পুখুৰীসমূহৰ প্ৰত্যেকৰে নিজস্ব ইতিহাস জড়িত হৈ আছে। লেখক সমালোচক প্ৰয়াত তোষেশ্বৰ চেতিয়াদেৱৰ প্ৰচেষ্টাত, অঞ্চলৰ মানুহৰ সহযোগত ২০০৪ চনত এই ইতিহাস বিজড়িত ঠাই কছাৰীটিং গ্ৰেজিঙত আনুষ্ঠানিকভাৱে কঢ়াপৰীয়া বিহু বাকৰি স্থাপন কৰা হয়। আহোম স্বৰ্গদেউ সকলৰ দিনতেই এই কছাৰীটিং গ্রেজিঙত গাঁৱৰ ডেকা-গাভৰু সকলে প্ৰথম বিহু মাৰিবলৈ লৈছিল। কিন্তু সমগ্ৰ ঘিলামৰাত অনুষ্ঠিত কৰা বিহুসমূহক লৈ যোৱা ২০০৮ চনতহে তোষেশ্বৰ চেতিয়াদেৱৰ সভাপতিত্বত আৰু গোলাপ গোহাঁইদেৱক সম্পাদক হিচাপে লৈ ঘিলামৰা ৰাইজৰ সহযোগত ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহুৰ সোণালী জয়ন্তী বৰ্ষ উদ্‌যাপন কৰা হৈছিল। এনেদৰে আহোম স্বৰ্গদেউ সকলৰ দিনৰ পৰাই বিহু পৰম্পৰা ঘিলামৰাৰ এই কছাৰীটিং গ্ৰেজিঙত খোপতি পুতিছিল বুলি ইতিহাসে সোঁৱৰায়।

*পূৰ্ণকান্ত চিন্তেদেৱৰ কঢ়াপৰীয়া কেতেকীত প্ৰকাশিত এটি লেখাৰ সম্পাদিত ৰূপ*